অসমত লকডাউনৰ প্ৰয়োজনীয়তা নাই, শিষ্ঠানুষ্ঠান সন্দৰ্ভত ২ মে’ৰ পিছত সিদ্ধান্ত লোৱা হ’বঃ হিমন্ত

April 25, 2021 0 By Biraj Kalita

অসমত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

শেহতীয়াভাৱে কৰ’ণাৰ পৰিস্থিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মা।

‘অসমত লকডাউনৰ প্ৰয়োজনীয়তা নাই, শিষ্ঠানুষ্ঠান সন্দৰ্ভত ২ মে’ৰ পিছত সিদ্ধান্ত লোৱা হ’ব।’

মন্ত্ৰী গৰাকীয়ে লগতে কয়- অসমত বৰ্তমান অক্সিজেনৰ অভাৱ নাই সম্পূৰ্ণ ভাৱে মজুত আছে অক্সিজেন। অসমত একোৰে অভাৱ হোৱা নাই। ভূটানতো অক্সিজেনৰ প্লান্ট আৰম্ভ কৰা হৈছে।

নলবাৰীৰ বেলশৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ ঘৰৰ শোক সন্তপ্ত পৰিয়াল বৰ্গৰ খবৰ লবলৈ আহি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে হিমন্তই