অসমবাসী ৰাইজক মিজোৰাম ভ্ৰমণ নকৰিবলৈ আহ্বান ৰাজ্য চৰকাৰৰ…

July 29, 2021 0 By Biraj Kalita

অসম-মিজোৰাম সীমান্তৰ সংঘৰ্ষৰ বাবে যাতায়তৰ ক্ষেত্ৰত বিশেষ পৰামৰ্শ আগবঢ়াইছে ৰাজ্য চৰকাৰে।

অসমবাসী ৰাইজক পৰাপক্ষত মিজোৰাম ভ্ৰমণ নকৰিবলৈ আহ্বান ৰাজ্য চৰকাৰৰ।

মিজোৰামত বাস কৰা অসমৰ লোক সকলকো সাৱধানে চলা-ফুৰা কৰাৰ আহ্বান অসম চৰকাৰ গৃহ বিভাগৰ।

অসমৰ নাগৰিকক মিজোৰামত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ আশংকাতে এই নিৰ্দেশনা।

মিজোৰাম চৰকাৰ, আৰক্ষী, দল, সংগঠনে ধাৰাবাহীকভাৱে অসমৰ বিৰুদ্ধে প্ৰচাৰ চলাই থকাৰ অভিযোগ।