অসমীয়া ছবিৰ জনপ্ৰিয় পৰিচালক দাৰা আহমেদ আৰু নাই…

May 24, 2021 0 By Biraj Kalita

ৰাজ্যবাসীৰ বাবে আন এক দুঃখবৰ।

অসমীয়া ছবিৰ জনপ্ৰিয় পৰিচালক দাৰা আহমেদ আৰু নাই।

সোমবাৰে পুৱা গুৱাহাটীৰ এপ’ল’ হাস্পাতালত মৃত্যু হয় বিশিষ্ট পৰিচালক গৰাকীৰ।

মৃত্যুৰ সময়ত দাৰা আহমেদৰ বয়স হৈছিল ৭২ বছৰ।

জানিব পৰা মতে দেওবাৰে দুপৰীয়া ভাত খাই উঠাৰ পিছতেই হঠাৎ বুকুত এক বিষ অনুভৱ কৰাত ততালিকে দাৰা আহমেদক এপ’ল’ হাস্পতালৰ আই চি ইউত ভৰ্ত্তি কৰোৱা হৈছিল।

কিন্তু সোমবাৰে পুৱা পৰিচালকগৰাকীয়ে চিকিৎসালয়তে শেষ নিঃশ্বাস ত্যাগ কৰে।

উল্লেখযোগ্য ‘ৰিক্সাৱালা’, ‘যখিনী’, ‘উৰ্বশী’, ‘ধ্ৰুৱতৰা’, ‘দেৱী’ ( শম্ভু গুপ্তৰ সৈতে যুটীয়াভাৱে ), ‘পূজা’ আদি ভালেসংখ্যক জনপ্ৰিয় অসমীয়া ছবি পৰিচালনা কৰিছিল দাৰা আহমেদে।

উল্লেখযোগ্য যে জনপ্ৰিয় অসমীয়া ছবি ‘ড° বেজবৰুৱা’ত সহকাৰী পৰিচালক আছিল দাৰা আহমেদ।