অসমৰ উদীয়মান দবা খেলুৱৈ ছাহিল দে’লৈ আন্তঃৰাষ্ট্রীয় মাষ্টাৰৰ স্বীকৃতি…

June 15, 2021 0 By Biraj Kalita

অসমৰ উদীয়মান দবা খেলুৱৈ ছাহিল দে’ই আন্তঃৰাষ্ট্রীয় মাষ্টাৰৰ স্বীকৃতি।

বুডাপেষ্টত সোমবাৰে  সামৰণি পৰা গ্রেণ্ড মাষ্টাৰ প্রতিযোগিতাত ১৩ বছৰীয়া ছাহিলে তৃতীয়টো আন্তঃৰাষ্ট্রীয় মাষ্টাৰৰ অর্হতা অর্জন কৰিবলৈ সক্ষম হয়৷ আঠটা ৰাউণ্ডৰ পৰা তেওঁ পাঁচ পইণ্ট লাভ কৰে৷

সোমবাৰে তেওঁ শ্ল’ভাকিয়াৰ গ্রেণ্ড মাষ্টাৰ পাচিৰ মিলানৰ বিৰুদ্ধে অন্তিম ৰাউণ্ডৰ মেচ খেলে আৰু প্রয়োজনীয় ৰেটিং সম্পূর্ণ কৰে৷

ইয়াৰ পূর্বে ছাহিল দে’ই ছার্বিয়াত চলিত বর্ষৰ ফেব্রুৱাৰীত অনুষ্ঠিত গ্রেণ্ড মাষ্টাৰ ৰাউণ্ড ৰবীন প্রতিযোগিতাত ৫.৫ পইণ্ট স্ক’ৰ কৰি প্রথমটো আন্তঃৰাষ্ট্রীয় মাষ্টাৰৰ অর্হতা অর্জন কৰিছিল৷

এই সাফল্যৰ বাবে তেওঁক সদৌ অসম দবা সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ ধৰ, গুৱাহাটী দবা সন্থাৰ সম্পাদক প্রণৱ কুমাৰ নাথ, সভাপতি কৃষ্ণাঞ্জন চন্দ্র আদিয়ে অভিনন্দন জনাইছে।