অসমৰ এখন আজব আৰক্ষী চকী, লক আপৰ ভিতৰত থাকে আৰক্ষী জােৱান!

October 5, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অসমৰ এখন আজব আৰক্ষী চকী। এই আৰক্ষী চকীখনৰ বিশেষত্ব এয়াই যে কােৱাৰ্টাৰৰ নাইবা ভাড়াঘৰৰ সলনি কৰ্তব্যৰত আৰক্ষী জােৱানসকলে বাস কৰে চকীখনৰ লক আপৰ ভিতৰত।

এই বিশেষ আৰক্ষী চকীখন হ’ল বিশ্বনাথ জিলাৰ গহপুৰৰ ৰাজগড় আৰক্ষী চকী।

জানিব পৰা মতে, আৰক্ষী চকীখনত কৰ্তব্যৰত কনিষ্টবল সকলে এতিয়া নিশা শুব লাগে লক আপৰ ভিতৰত।

ইয়াৰ মূল কাৰণ হ’ল জােৱানসকলৰ বাবে থকা কােৱাৰ্টৰৰ জৰাজীৰ্ণ অৱস্থা।

জানিব পৰা মতে, বৰষুণ দিলেই মূধচৰ পৰা পানী পৰে, প্ৰকাণ্ড প্ৰকাণ্ড টিনৰ ফুটা।

ইয়াৰ ফলতে আচামী ৰখা লকআপত ওৰে নিশাটো পাৰ কৰিব লগা হৈছে আৰক্ষী কনিষ্টবল সকলে।

আৰক্ষী চকীখনৰ জৰাজীৰ্ণ বাসগৃহ হোৱাৰ বাবেই শুবলৈ বা ৰান্ধিবলৈ ঠাইৰ অভাৱত উপায়ন্তৰ হৈ এনে দৰে কয়দী ৰখা লকআপত থাকিব লগীয়া হৈছে কনিষ্টবল সকল।

প্ৰশ্ন হয়, এয়াই নেকি আৰক্ষী অধুনিকীকৰণ, এয়াই নেকি স্মাৰ্ট পুলিচৰ অৱস্থা?