অসমৰ অপহৃত ট্ৰাক চালক আফজালৰ মৃতদেহ মেঘালয়ৰ দামালত উদ্ধাৰ

December 27, 2021 0 By NEWS DESK

নিউজ ডেস্ক। গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ কলাবাৰীৰ ট্ৰাক চালক ওমৰ আলীৰ পুত্ৰ আফজাল আলীয়ে (৪০)ৰ মেঘালয়ৰ দামালত মৃতদেহ উদ্ধাৰ কৰাৰ লগতে চাৰিগৰাকী লোকক আটক ৷

ঘটনা অনুসৰি, যোৱা ২০ ডিচেম্বৰত শিমলাবাৰীৰ লোকমান আলী নামৰ ব্যক্তি এগৰাকীৰ ট্ৰাক লৈ মেঘালয়লৈ সামগ্ৰী আনিবলৈ গৈছিল।

ইয়াৰ পিছত, আফজাল আলীয়ে এম এল-১৩-২৭৬৩ নম্বৰৰ ট্ৰাকখনেৰে সামগ্ৰী কঢ়িয়াই অনাৰ সময়ত দামাল নামৰ নিৰ্জন ঠাই টুকুৰাত এটা ৫/৬ জনীয়া অজ্ঞাত দূৰ্বৃত্তৰ দলে পথ আগচি ধৰি ট্ৰাকখন ৰাখিবলৈ দিয়ে।

পিছত দূৰ্বৃত্তৰ দলটোৱে চালক আফজাল আলীক গাড়ীৰ পৰা চোঁচৰাই নমাই আনি মাৰপিট কৰি অপহৰণ কৰে।

এই সন্দৰ্ভত যোৱা ২১ ডিচেম্বৰত ট্ৰাকৰ মালিক লোকমান আলীয়ে দামাল থানাত এটি গোচৰ ৰুজু কৰিছিল। কিন্তু পাঁচদিন অতিক্ৰম কৰাৰ পিছতো আফজালৰ কোনো শুংসূত্ৰ নোপোৱাত পৰিয়ালৰ লোকে তীব্ৰ হতাশাত ভুগীবলগীয়া হয়।

অৱশেষত শনিবাৰে বৰদিনৰ দিনা দামাল আছামতে মেঘালয় আৰক্ষীৰ তৎপৰতাত গাঁতত পুতি থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হয়।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্যনুসৰি, অপহৰণ কৰাৰ দিনাই আফজালক হাত-ভৰি আৰু চকুত বান্ধি নিৰ্মমভাৱে হত্যা কৰিছিল আৰু মৃতদেহত চোকা অস্ত্ৰৰ চিন দেখিবলৈ পোৱা গৈছিল।

ঘটনা লগত জড়িত থকাৰ সন্দেহত চাৰিজন লোকক মেঘালয় চৰকাৰে আটক কৰা বুলি জানিব পৰা গৈছে।

অৱশেষত আফজালৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি মৃতদেহ নিজ ঘৰলৈ অনাৰ পিছত পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।