অসমৰ বোৱাৰীক মেঘালয়ত ডাইনীৰ সন্দেহত জালেৰে বান্ধি অকথ্য নিৰ্যাতন একাংশৰ…
July 13, 2021অসমৰ বোৱাৰীক মেঘালয়ত ডাইনীৰ সন্দেহত জালেৰে বান্ধি অকথ্য নিৰ্যাতন একাংশৰ।
একবিংশ শতিকাতো অন্ধবিশ্বাসৰ বলি হৈ এগৰাকী মহিলাৰ ওপৰত ডাইনী সন্দেহত কৰা বৰ্বৰ আক্ৰমণৰ ভিডিঅ চছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে তোলপাৰ লাগিছে অসম আৰক্ষীত৷
ডঅ’টিত দেখিবলৈ পোৱা অনুসৰি এগৰাকী মহিলাক জালেৰে আৱদ্ধ কৰি পাশৱিক নিৰ্যাতন চলাইছে একাংশ লোকে ৷
ভিডিঅটো চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বাজেংডোবা অঞ্চলৰ যদিও মহিলাগৰাকী গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তবৰ্তী অঞ্চল হাতীগাঁৱৰ বোৱাৰী৷
আনকি ভিডিঅ’টোত মহিলাগৰাকীক আবদ্ধ কৰি একাংশই পূজা অৰ্চনা কৰাও দেখিবলৈ পোৱা গৈছে।
ঘটনাটো দুদিনপূৰ্বে বাজেংডোবাৰ বৰঝৰাত সংঘটিত হোৱাৰ পিছতই চ’ছিয়েল মিডিয়াত গোৱালপাৰাৰ ঘটনা বুলি তোলপাৰ হোৱাৰ পাছত গোৱালপাৰা আৰক্ষীয়ে তদন্ত কৰি সেয়া মেঘালয়ৰ ঘটনা বুলি নিশ্চিত কৰে।
ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীৰ লগতে স্বামীক উদ্ধাৰ কৰি আগিয়া থানালৈ অনা হৈছে৷
মহিলাগৰাকীৰ স্বাস্থ্য কিছু অসুস্থ বুলি জনোৱাৰ লগতে অতিশীঘ্ৰে দুয়োকে মেঘালয় আৰক্ষীক গতাই দিব বুলি গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীয়ে জানিব দিছে৷