অসমৰ ৰাইজে বিজেপিক আৰু দুনাই নিবিচাৰে, ৰাইজৰ দৰকাৰ-কংগ্ৰেছৰ চৰকাৰঃ গৌৰৱ গগৈ!
January 29, 2021‘২০২১ত দিছপুৰত কংগ্ৰেছেই চৰকাৰ গঠন কৰিব। কংগ্ৰেছৰেই মুখ্যমন্ত্ৰী হব। অসমৰ ৰাইজেই জয়যুক্ত কৰাব কংগ্ৰেছক। বিজেপিৰ সকলো মুখা খোল খাইছে। বিজেপিৰ অত্যাচাৰ আৰু নসহে অসমৰ ৰাইজে।’
গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদ মেল সম্বোধন কৰি এই মন্তব্য সাসংদ গৌৰৱ গগৈৰ।
সংবাদ মেলখনত গৌৰৱ গগৈৰ মন্তব্য- ‘ৰাইজৰ দৰকাৰ-কংগ্ৰেছৰ চৰকাৰ’। নতুনকৈ গঠন হোৱা আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে হেনো সহযোগ দিব কংগ্ৰেছৰ সৈতে।
সংবাদ মেলৰ শেষতে ৰাজীৱ ভৱনৰ পৰা গণেশগুৰিলৈ অটো’ত উঠি যাত্ৰা কৰে গৌৰব গগৈয়ে।
অটো’ ৰিক্সাত বহি অটো’ চালকৰে মত বিনিময় কৰে সাংসদগৰাকীয়ে।