অসম-অৰুণাচলৰ সীমা বিবাদক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী সঞ্জয় কিষাণৰ…
June 13, 2021অসম-অৰুণাচলৰ সীমা বিবাদক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী সঞ্চয় কিষাণৰ।
মন্ত্ৰীগৰাকীয়ে কয়- ‘জুলাই মাহত কেন্দ্রীয় গৃহমন্ত্রীৰ উপস্থিতিত শ্বিলঙত হ’ব অসম-অৰুণাচলৰ সীমা সমস্যাক লৈ আলোচনা।’
মন্ত্ৰীগৰাকীয়ে জনোৱা মতে ১২ জুলাইত শ্বিলঙলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
তেওঁ অংশগ্ৰহণ কৰিবলগীয়া মুখ্যমন্ত্রী পৰ্যায়ৰ সভাত উত্থাপন হ’ব অসম-অৰুণাচলৰ সীমা সমস্যাৰ প্ৰসংগ।
বান-খহনীয়া পৰিস্থিতিৰ বুজ ল’বলৈ লখিমপুৰত উপস্থিত হৈ সাংবাদিকৰ সন্মুখত এই মন্তব্য চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণৰ।