অসম-অৰুণাচল সীমান্তত ১২ টা পথৰ উদ্বোধন কৰিলে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে…

June 17, 2021 0 By Biraj Kalita

 দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।

সীমান্তত পথ সংগঠনৰ দ্বাৰা নিৰ্মিত ১২ টা পথৰ উদ্বোধন কৰে সিঙে।

বিশেষকৈ নিজহাতে অৰুণাচলৰ কিমিন পুতিন সংযোগী পথ মুকলি কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

আনহাতে বাকী পথসমূহ অনলাইনযোগে উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে.।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে BRO এ কম সময়তে সুদীৰ্ঘ পথ সমুহ নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হৈছে আৰু সেয়ে সংস্থাটো ধন্যবাদৰ পাত্ৰ।

লগতে তেওঁ নিজকে বহুত সুখী বুলি মন্তব্য কৰি দীৰ্ঘদিন ধৰি উত্তৰ-পূবৰ উন্নয়ন হোৱা নাছিল কিন্তু এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পূৰ্বোত্তৰ যি ধৰণ বিকাশ হৈছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয় বুলি মন্তব্য কৰে।

তেওঁ লগতে কয় যে কেইবাখনো দেশৰ সীমা উত্তৰ-পূবৰ সৈতে সংলগ্ন। উন্নয়নৰ সমান্তৰালকৈ সুৰক্ষাৰ ক্ষেত্ৰতো এইটো অঞ্চল গুৰুত্বপূৰ্ণ।

এইটো এক্ট ইষ্ট পলিচিৰ অধীনত আমাৰ চৰকাৰৰ বৃহত্তম লক্ষ্যৰ এটা অংশ যাৰ অধীনত চৰকাৰে সীমান্ত অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।

উল্লেখ্য যে  এই নতুন পথ কেইটা হৈ উঠাৰ লগে লগে অৰুণাচলৰ জনসাধাৰণৰ বাবে দ্ৰুত উন্নয়ন হোৱাৰ লগতে চীন সীমান্তত ভাৰতৰ সেনা অধিক শক্তিশালী পৰিছে।