অসম আৰক্ষীক নিৰুৎসাহিত কৰাসকলৰ অপৰাধীৰে আছে সম্পৰ্কঃ পীযুষ হাজৰিকা…

July 18, 2021 0 By Biraj Kalita

শেহতীয়াভাৱে ৰাজ্যত ড্ৰাগছৰ লগতে বিভিন্ন অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তীব্ৰতৰ কৰিছে অভিযান।

ইতিমধ্য অসম আৰক্ষীৰ এনকাউণ্টাৰত বহু কেইজন অপৰাধী নিহত হোৱাৰ লগতে আহত হৈছে কেইবাজনো।

আৰক্ষীৰ এনকাউণ্টাৰ সন্দৰ্ভত বহুতেই আৰক্ষীক প্ৰশংসা কৰিছে যদিও বহুতেই আকৌ সমালোচনা কৰাও দেখিবলৈ পোৱা গৈছে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয়- ‘অসম আৰক্ষীক নিৰুৎসাহিত কৰাসকলৰ গুলি খোৱা অপৰাধীৰ সৈতে সম্পৰ্ক আছে৷’

দেওবাৰে নগাঁৱৰ বঢ়মপুৰৰ ড্ৰাগছ দাহন কাৰ্যত উপস্থিত থাকি বিৰোধীক কটাক্ষ কৰি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

বিৰোধী কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ লগতে অসম আৰক্ষীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে জলসম্পদ, জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা।

অসম আৰক্ষীৰ ওপৰত ভৰসা নথকাৰ কথা কোৱা অসম প্ৰদেশ কংগ্ৰেছৰ এগৰাকী শীৰ্ষ নেতাই অসম আৰক্ষীৰ নিৰাপত্তাৰ মাজত থাকে বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

কংগ্ৰেছৰ নেতাগৰাকীৰ যদি অসম আৰক্ষীৰ ওপৰত ভৰসা নাই তেন্তে অসম আৰক্ষীৰ নিৰাপত্তা ত্যাগ কৰি উদাহৰণ দেখুৱাক বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে।