অসম আৰক্ষীয়ে কেৰেলাৰ পৰা ধৰি অনা অনা গঁড় চিকাৰীৰ পলায়ন!

February 20, 2022 0 By NEWS DESK

নিউজ ডেস্ক। পুনৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন দুৰ্ধৰ্ষ গঁড় চিকাৰী।

অসম আৰক্ষীয়ে ২ লাখ টকাৰ পুৰস্কাৰ ঘােষণা কৰা গঁড় চিকাৰী পলাল বিশ্বনাথ আৰক্ষীৰ জিম্মাৰ পৰা।

এই কুখ্যাত গঁড় চিকাৰীটােৰ নাম আছমত আলী ওৰফে নালকো।

জানিব পৰা মতে, হেণ্ডকাফসহ নদীত জাঁপ দি পলায়ন কৰে।

চতিয়া থানাৰ অন্তৰ্গত কুখ্যাত গঁড় চিকাৰী আছমতক কেৰালাৰ পৰা গ্ৰেপ্তাৰ কৰি শুকুৰবাৰে নিজৰ জিম্মালৈ আনিছিল বিশ্বনাথ আৰক্ষীয়ে।

ইয়াৰ পিচতে সোধা-পোছাৰ অন্তত আৰক্ষীৰ আগত আছমতে অস্ত্র-শস্ত্ৰ, গঁড়ৰ খৰ্গ লুকুৱাই ৰখাৰ কথা সদৰী কৰিছিল।

এক বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি পুৱতি নিশা অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষক, বিশ্বনাথ থানাৰ অ’ চিসহ আৰক্ষীৰ এটা বিশাল বাহিনীয়ে আছমতক লগত লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী এক চাপৰি অঞ্চলত অভিযান চলায়।

লক্ষণীয়ভাৱে এনে অভিযানৰ সময়তে হেণ্ডকাফসহ নদীত জাঁপ দিয়ে কুখ্যাত গঁড় চিকাৰী আছমত ওৰফে নালকোৱে।

লগে লগে আৰক্ষীয়ে অভিযান চলায় যদিও আছমতৰ সন্ধান উলিওৱাত ব্যৰ্থ হয়।

উল্লেখ্য যে আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজৰ পৰাই হেণ্ডকাফসহ ব্ৰহ্মপুত্ৰত জাঁপ দি পলায়ন কৰিছিল উত্তম খাকলালী নামৰ আন এজন গঁড় চিকাৰীয়ে। কিন্তু যোৱা ১০ ফেব্ৰুৱাৰীত ব্ৰহ্মপুত্ৰ নদীত দুৰ্ধৰ্ষ গঁড় চিকাৰীটোৰ মৃতদেহ উদ্ধাৰ হয়।