অসম আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ মানৱ সৰবৰাহকাৰী, উদ্ধাৰ ৪২ টা শিশু…

July 23, 2021 0 By Biraj Kalita

অসম আৰক্ষীৰ বৃহৎ সফলতা।

অসম আৰক্ষীৰ জালত দুটা দুৰ্ধৰ্ষ মানৱ সৰবৰাহকাৰী।

মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ কৰা হৈছে ৪২টা শিশু।

চিৰাং জিলাৰ তিনি খন গাঁনৰ পৰা সৰবৰাহ হৈছিল এই সকল শিশু।

উদ্ধাৰ হোৱা শিশু সকলৰ বয়স ৯ৰ পৰা ১৮ বছৰৰ ভিতৰত।

এই সকল শিশু মূলতে আদিবাসী, কোচ ৰাজবংশী আৰু বড়ো শিশু।

আটক কৰা লোক দুজন হৈছে কৃষ্ণ যোগী আৰু তিকাৰাম ঘমদে।

পশ্চিম বংগ আৰু ছিক্কিমৰ সীমান্ত অঞ্চলৰ পৰা উদ্ধাৰ হৈছিল এই শিশু সকল।

চিৰাং আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যাৰ নেতৃত্বত ৩দিন ধৰি চলা অভিযানত উদ্ধাৰ হৈছে শিশু কেইটা।

উদ্ধাৰ হোৱা শিশুসকলৰ সৈতে খানাপাৰা ষ্টাফ কলেজত মুখ্যমন্ত্ৰীয়ে বিশেষ বৈঠকত মিলিত হব।

উপস্থিত হৈছে আৰক্ষী সঞ্চালক প্ৰধান, CID ৰ IGP আৰু অসম আৰক্ষীৰ শীৰ্ষ বিষয়া।

শিশুসকলৰ লগত কথা বতাৰ হোৱাৰ পিছত সংৱাদ মাধ্যমৰ আগত মন্তব্য কৰিব মুখ্যমন্ত্ৰীয়ে।