অসম আৰক্ষীৰ বৃহৎ সফলতা! ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ, তিনিজনক গ্ৰেপ্তাৰ…

June 22, 2021 0 By Biraj Kalita

অসম আৰক্ষীৰ বৃহৎ সফলতা।

কাৰ্বি আংলং জিলাৰ ডিলাইত জব্দ হৈছে বৃহৎ পৰিমানৰ ড্ৰাগছ।

জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১৩ কোটি টকা।

কার্বি আংলং জিলাৰ ডিলাই আৰক্ষী থানাৰ সন্মুখত তালাচী চকীত নিয়মীয়া টহলৰ সময়ত এজন হোমগার্ডে এখন বাহনৰ পৰা এই বৃহৎ পৰিমাণৰ ড্রাগ্ছখিনি জব্দ কৰিবলৈ সক্ষম হয়৷

অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই প্রকাশ কৰা অনুসৰি মণিপুৰৰ ম’ৰে জিলাৰ পৰা কার্বি আংলং হৈ আহি থকা অৱস্থাত বৰছিং বে’ নামৰ হোমগার্ড এজনে সন্দেহবশতঃ এম এন–০৬ বি–০৫১১ নম্বৰৰ গাড়ীখনত তালাচী চলাওঁতেই এই ড্রাগ্ছখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

মণিপুৰৰ পৰা এজন যুৱক, দুগৰাকী মহিলাই লৈ অহা এই ড্রাগ্ছখিনি গাড়ীখনৰ বিভিন্ন স্থানত লুকুৱাই অনা হৈছিল৷

হোমগার্ডজনে তালাচী চলাওঁতেই গাড়ীত থকা তামিল মহিলা দুগৰাকীয়ে তালাচী নচলাবলৈ বৃহৎ পৰিমাণৰ উপঢৌকন যাচে যদিও কর্তব্যনিষ্ঠাৰ পৰিচয় দি বৰছিং বে’ই গাড়ীখন পথৰ কাষত ৰখোৱাই আৰক্ষীৰ দলক খবৰ দিয়াত তিনি কিলোগ্রাম ওজনৰ এই ড্রাগ্ছখিনি জব্দ কৰিবলৈ সক্ষম হয়৷

আৰক্ষীৰ হাতত ধৰা পৰা তামিল মহিলা দুগৰাকী হ’ল চেন্নাইৰ পাঞ্জাভাৰম আৰু লক্ষ্মীডি।

এই ঘটনাৰ লগত জড়িত কে বসন্ত সিং নামৰ এজন মণিপুৰৰ যুৱককো গ্রেপ্তাৰ কৰা হৈছে৷

ইফালে আৰক্ষী সঞ্চালকপ্রধান মহন্তই এই সাফল্যৰ বাবে হোমগার্ড বৰছিং বে’ক ৫০ হাজাৰ টকা আৰু তালাচী চলোৱা দলক ৫০ হাজাৰ টকা মুঠ এক লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিছে।