অসম কমাণ্ডো বাহিনীৰ হাবিলদাৰ শান্তিৰাম ডেকাৰজাৰ আকস্মিক বিয়োগ…
June 14, 2021অসম কমাণ্ডো বাহিনীৰ হাবিলদাৰ শান্তিৰাম ডেকাৰজাৰ আকস্মিক বিয়োগ।
চৰাইদেউ জিলাৰ চৰাইপুং আৰক্ষী চকীৰ কৰ্মৰত আছিল তেওঁ।
জানিব পৰা মতে, শনিবাৰে দিনৰ পুৱা প্ৰায় ১০ বজাত পেটৰ বিষত আক্ৰান্ত হোৱাত শান্তিৰাম ডেকাৰজাক সাপেখাটি মডেল হস্পিতালত ভৰ্তি কৰোৱা হয়৷
ক’ভিড টেষ্ট কৰা হয় যদিও ক’ভিড পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ আহে।৷
হাস্পতালত চিকিৎসা গ্ৰহণ কৰি সুস্থ হয় যদিও নিশা পুনৰ অসুস্থ হৈ পৰে শান্তিৰাম ডেকাৰজা।
লগে লগে সাপেখাটি BPHC হস্পিতালত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে৷
শান্তিৰাম ডেকাৰজাৰ ঘৰ নগাঁও জিলাৰ নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখোলা গাঁৱত৷