অসম কৃষি বিশ্ববিদ্যালয়ৰ ৪৪ গৰাকী ছাত্ৰ-ছাত্ৰী কোভিড পজিটিভ…

January 10, 2022 0 By NEWS DESK

ৰাজ্যত পুনৰ ভয়াৱহ ভাৱে বৃদ্ধি হৈছে ক’ভিডৰ সংক্ৰমণ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ ৪৪ গৰাকী ছাত্ৰ-ছাত্ৰী ক”ভিড পজিটিভ। 

বিশ্ববিদ্যালয়খনৰ ১১ আৰু ১২ নম্বৰ হোষ্টেল কণ্টেইনমেণ্ট জ’ন ঘোষণা যোৰহাট জিলা প্ৰশাসনৰ। 

যোৰহাটস্থিত নেচনেল ইনষ্টিটিউট অব ডিজাইনৰ ১২ গৰাকী ছাত্ৰ-ছাত্ৰীও আক্ৰান্ত হৈছে ক’ভিডত।

এনআইডিৰ আক্ৰান্ত ছাত্ৰ-ছাত্ৰীসকলক জেএমচিএইছত ৰখা হৈছে।