অসম গণ পৰিষদৰ পৰা পদত্যাগ কৰিলে প্ৰতিষ্ঠাকালৰ নেতা তথা বিধায়ক পবীন্দ্ৰ ডেকাই!

December 15, 2020 0 By NEWS DESK

অসম গণ পৰিষদত মোক্ষম আঘাত

অসম গণ পৰিষদ দলৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিলে অগপৰ প্ৰতিষ্ঠাকালৰ নেতা তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবীন্দ্ৰ ডেকাই।

অগপৰ সভাপতি অতুল বৰাক পদত্যাগ পত্ৰ প্ৰেৰণ কৰি দল ত্যাগৰ কথা প্ৰকাশ কৰিছে ডেকাই।

উল্লেখ্য বিগত কিছু দিনৰ পৰা অগপ নেতৃত্বৰ ওপৰত মুকলি ক্ষোভ ব্যক্ত কৰি আহিছিল পাটাচাৰকুছিৰ বিধায়কগৰাকীয়ে।

উল্লেখ্য যে, বুধবাৰে পবীন্দ্ৰ ডেকাই অসম জাতীয় পৰিষদত যোগদান কৰাৰ সম্ভাৱনা আছে।