অসম চাহ পৰিষদৰ নতুন তত্বাৱধায়ক হিচাপে বিধায়ক পোনাকণ বৰুৱা নিযুক্তি…

July 3, 2021 0 By Biraj Kalita

ক্ৰমাৎ নতুন উদ্যমেৰে আগবাঢ়িছে অসম গণ পৰিষদ দল।

দলীয় ভেঁটী শক্তিশালী কৰি তুলিবলৈ অসম গণ পৰিষদে দলটোৰ সহযোগী সংগঠনসমূহক সক্ৰিয় কৰি তুলিবলৈ তৎপৰ হৈছে।

সেয়েহে অসম গণ পৰিষদ দলে অসম চাহ পৰিষদটো শক্তিশালী কৰি তুলিবলৈ পৰিষদৰ তত্বাৱধায়কৰ দায়িত্ব অৰ্পন কৰা হৈছে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাক।

অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই এক পত্ৰ প্ৰেৰণ কৰি আনুষ্ঠানিকভাৱে বিধায়ক পোনাকণ বৰুৱাক এই দায়িত্ব অৰ্পণ কৰে।