অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ক’ভিড ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড

May 1, 2021 0 By Biraj Kalita

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কভিড ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত বহু ৰোগী আছিল হাস্পতালত।

অক্সিজেন গ্ৰহণ কৰি থকাৰ ৰোগীয়ো কেইবাগৰাকী আছিল হাস্পতালখনত।

নিশা প্ৰায় ১.৩০ মান বজাত সংঘটিত হয় এই অগ্নিকাণ্ড।

বৈদ্যুতিক শ্বট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে হাহাকাৰ লাগে ৰোগীসকলৰ মাজত। বহুতেই দৌৰা দৌৰি কৈ বাহিৰলৈ ওলাই আহে যদিও অক্সিজেন লৈ থকা ৰোগীসকলে হাস্পতাল খনৰ তললৈ নামি আহিব পৰা চিৰিৰ কাষতে আশ্ৰয় লয়।

পাছত হাস্পতালখনৰ কতৃপক্ষই ৰোগী সকলক অন্য স্থানলৈ স্থানান্তৰ কৰে।