অসম চৰকাৰে কভিড-১৯ত অনাথ হোৱা শিশুসকলক প্ৰতি মাহে দিব ৩,৫০০ টকাকৈ…
May 29, 2021মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদমেল।
কভিড-১৯ত অনাথ হোৱা শিশুসকলক প্ৰতি মাহে ৩,৫০০ টকা কৈ প্ৰদান কৰিব অসম চৰকাৰে।
গুৱাহাটীৰ অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি ড০ শৰ্মাই কয়, “আমি এপিএল, বিপিএল বা চৰকাৰী কৰ্মচাৰীসকলৰ মাজত একো পাৰ্থক্য কৰা নাই। এইটো সকলোৰে বাবে এক আঁচনি।”
এই আঁচনি খনত যি সকল শিশুৱে পিতৃ-মাতৃ বা পৰিয়ালৰ মুখ্য উপাৰ্জনকাৰীক হেৰুৱালে, বা বৰ্তমান পিতৃ-মাতৃক হেৰুৱাই পৰিয়ালৰ আন সম্পৰ্কীয় লোকৰ সৈতে আছে, সেইসকল শিশুৱে প্ৰতিমাহে শিক্ষাৰ বাবে লাভ কৰিব ৩৫০০ টকাকৈ।
শিশুৰ নিয়োগ নিশ্চিত নোহোৱালৈকে চৰকাৰে প্ৰদান কৰিব এই ধনৰাশি।
আনহাতে আশ্ৰয়হীন কন্যা শিশুৰ হোষ্টেলত ৰাখি পঢ়ুৱাৰ দায়িত্ব চৰকাৰে ল’ব৷ লগতে বিয়াৰ উপযুক্ত ছোৱালীসকলক এতোলা সোণৰ উপৰিও ৫০ হাজাৰ টকা দিয়া হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।