অসম চৰকাৰৰ সিদ্ধান্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াত পদক লাভ কৰিলে পাব চাকৰি…
July 19, 2021বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াত পদক লাভ কৰিলে পাব চাকৰি।
কেৱল অলিম্পিক অন্তৰ্ভুক্ত ক্ৰীড়াৰ ক্ষেত্ৰত হে এই নীতি প্ৰযোজ্য হ’ব।
ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্যায়ত পূৰ্বে পদত লাভ কৰা খেলুৱৈয়ে লাভ কৰিব পেঞ্চন।
মাহিলী ৮০০০ টকা প্ৰয়োজনত ১০০০০ টকালৈ বৃদ্ধি কৰাৰ চিন্তা ৰাজ্য চৰকাৰৰ।
অলিম্পিক স্বীকৃত ক্ৰীড়াত পূৰ্বে যিসকল খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভ কৰিছে আৰু ক্ৰীড়া পেঞ্চন লাভ কৰা নাই তেওঁলোকৰ তালিকা প্ৰস্তুতৰ বাবে নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
আনহাতে কমনৱেলথ, এছিয়ান আৰু অলিম্পিকত পদক লাভ কৰা খেলুৱৈক চাকৰি দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰা হৈছে।
প্ৰতিখন জিলাত একোটাকৈ আধুনিক ক্ৰীড়া প্ৰকল্প স্থাপন কৰা হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।