অসম জীয়ৰী লাভলীনাৰ বৃহৎ চিত্ৰ অংকন কৰি শুভেচ্ছা জনালে অনুৰাগীয়ে…

July 23, 2021 0 By Biraj Kalita

অসম তথা ভাৰতবাসীৰ বাবে এতিয়া এক গৌৰৱৰ নাম লাভলীনা বৰগোহাঁই।

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসম জীয়ৰী লাভলীনালৈ এতিয়া আশাবাদী সকলো।

অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা বক্সাৰ গৰাকীক উৎসাহ যোগোৱাৰ উদ্দেশ্যৰে ইতিমধ্যে GoForGlory-Lovina শীৰ্ষক চাইকেল ৰেলী উলিয়াইছিল ৰাজ্য চৰকাৰে।

এইবাৰ বঙাইগাঁৱৰ নৱ নিৰ্মাণ আৰু আমি বনৰীয়া নামৰ সামাজিক সংগঠন দুটাই লাভলীনাক উৎসাহ যোগোৱাৰ উদ্দেশ্য ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে।

টকিঅ’ অলিম্পিকৰ প্ৰাকক্ষণত অসম জীয়ৰীৰ বৃহৎ চিত্ৰ অংকন কৰি শুভকামনা জ্ঞাপন কৰে সংগঠন দুটাই।

চহৰখনৰ মাজমজিয়াত লাভলিনাৰ বৃহৎ চিত্ৰ অংকণ কৰি বক্সাৰগৰাকীক অধিক উৎসাহিত কৰাৰ প্ৰয়াস চলোৱা হৈছে।

লাভলিনাই আগন্তুক অলিম্পিকত পদক অৰ্জন কৰি অসমৰ লগতে ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি দৃঢ় বিশ্বাসী সংগঠন দুটা।