অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হিচাপে ভূপেন বৰাক নিযুক্তি…

July 24, 2021 0 By Biraj Kalita

অৱশেষত ঘোষণা কৰা হ’ল অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰ নাম।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ভূপেন বৰাক নিযুক্তি।

ইয়াৰ উপৰি প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী, বৰ্তমানৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু কমলাক্ষ দে পুৰকায়স্থক কাৰ্যকৰী সভাপতিৰ দায়িত্ব প্ৰদান।

এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কংগ্ৰেছ হাইকমাণ্ডে এই কথা প্ৰকাশ কৰে।

উল্লেখ্য যে, বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ শোচনীয় পৰাজয়ৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসনৰ পৰা পদত্যাগ কৰিছিল ৰিপুণ বৰাই।