অসম-মিজোৰাম সীমান্তত যুদ্ধ সদৃশ পৰিবেশ, মিজোৰ গুলীত আহত অসম আৰক্ষীৰ জোৱান…

July 26, 2021 0 By Biraj Kalita

অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত যুদ্ধ সদৃশ পৰিবেশ।

মিজোৰ গুলীত আহত হৈছে কেইবাজনো অসম আৰক্ষীৰ জোৱান।

আহত ৭জন জোৱানক শিলচৰ মেডিকেল কলেজলৈ স্থানান্তৰ।

কাছাৰৰ উপায়ুক্তৰ বাহন মিজোৱে ভাঙি চুৰমাৰ কৰা বুলি জানিব পৰা গৈছে।

উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ কথমপি প্ৰাণ ৰক্ষা।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সীমান্ততলৈ অসম আৰক্ষীৰ বিশাল বাহিনী মোতায়েন।

জানিব পৰা মতে অসম-মিজোৰাম সীমান্তৰ বিবদমান এলেকা লাইলাপুৰত অসমৰ ভূমিত মিজোৱে নিৰ্মাণ কৰিছিল শিবিৰ।

অসম আৰক্ষীয়ে সেই শিবিৰ উচ্চছেদ কৰিবলৈ সোমবাৰৰ পুৱাৰে পৰা আৰম্ভ কৰিছিল অভিযান।

অসম আৰক্ষী সেই বিবদমান ঠাইত উপস্থিত হোৱাৰ পাছতে মিজোৰাম আৰক্ষীয়ে অসম আৰক্ষীলৈ লক্ষ্য কৰি গুলী চালনা কৰে।