অসম-মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা সমস্যাক লৈ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক…
July 23, 2021অসম-মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা সমস্যাক লৈ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক।
শ্বিলঙৰ মেঘালয় সচিবালয়ৰ যোজনা ভৱনত অনুষ্ঠিত হয় এই বৈঠকত।
বৈঠকত সীমাকেন্দ্ৰিক বিবাদ সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰাৰ বাবে আলোচনাত মিলিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা।
আলোচনাৰ সময়ত, মেঘালয় চৰকাৰে ৰাজ্যখনৰ ১২ টা বিতৰ্কিত স্থান তেওঁলোকৰ বুলি দাবী কৰাৰ বিপৰীতে অসম চৰকাৰে সেই ঠাইবোৰ অসমৰ বুলি নথিপত্ৰৰ দ্বাৰা জনায়।
বৈঠকত সকলো ১২ টা ঠাইৰ বিষয়ে এটা এটাকৈ আলোচনা কৰিবলৈ আৰু দাবীবোৰ পুনৰীক্ষণ কৰিবলৈ সন্মত হয়।
তদুপৰি, মুখ্যমন্ত্ৰী শৰ্মাই ৬ আগষ্টত মেঘালয়ৰ মুখ্যমন্ত্ৰী চাংমাক গুৱাহাটীত দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ বাবে আমন্ত্ৰণ জনায়।
মুখ্যমন্ত্ৰী শৰ্মাৰ সৈতে অসম চৰকাৰক মুখ্য সচিব জিষ্ণু বৰুৱা, ডিজিপি ভাস্কৰজ্যোতি মহন্ত, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা আৰু আয়ুক্ত আৰু সচিব (সীমান্ত সুৰক্ষা আৰু উন্নয়ন) জিডি ত্ৰিপাঠীয়ে প্ৰতিনিধিত্ব কৰে।
মেঘালয় চৰকাৰৰ হৈ মুখ্যমন্ত্ৰীৰ সৈতে মুখ্য সচিব এম এছ ৰাও, অতিৰিক্ত মুখ্য সচিব আৰ ভি চুচিয়াং, আয়ুক্ত আৰু সচিব আৰ লিংডো আৰু সচিব গৃহ আৰু ৰাজনৈতিক চি ভি ডি ডিয়েংডো উপস্থিত আছিল।
Held a meeting with Meghalaya CM Sri @SangmaConrad on Assam Meghalaya border issues in Shillong today. Both sides resolved to find a permanent solution through a pragmatic approach. I have invited Sri Sangma for 2nd round of discussion to Guwahati on 6 Aug 21. pic.twitter.com/FLZm2XjPLy
— Himanta Biswa Sarma (@himantabiswa) July 23, 2021
বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়- এইটো এটা অতি ফলপ্ৰসূ আলোচনা আছিল। আমি এটা উমৈহতীয়া বুজাবুজিলৈ আহিছো আৰু আমি সীমান্ত বিবাদ সমাধান কৰিবলৈ দৃঢ় আৰু প্ৰতিশ্ৰুতিবদ্ধ।