অসম-মেঘালয় সীমান্তৱৰ্তী উকিয়ামত নদীত গা ধুবলৈ গৈ কিশােৰৰ সলিল সমাধি

July 14, 2021 0 By NEWS DESK

কামৰূপ জিলাৰ ছয়গাঁৱৰ অসম-মেঘালয় সীমান্তৱৰ্তী উকিয়ামত অঘটন।

নদীত গা ধুবলৈ গৈ কিশোৰৰ সলিল সমাধিক।

উল্লেখ্য যে, উৎকট গৰমৰ পৰা ৰক্ষা পোৱাৰ বাবে পলাশবাৰী ৰামপুৰৰ শুক্লেশ্বৰ দাসৰ পুত্ৰ ১৫ বছৰীয়া ৰাজ দাস নামৰ কিশোৰজনে লগৰীয়াৰ সৈতে উকিয়াম বনভোজস্থলীত গা ধুবলৈ যাঁওতেই ঘটিল এই শোকাৱহ ঘটনাটো।

নিহত ৰাজ দাস এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে ৰাজৰ মৃতদেহ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।