অসম-মেঘালয় সীমা সমস্যাক লৈ শ্বিলঙত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক…

July 23, 2021 0 By Biraj Kalita

শ্বিলংত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত বৈঠক।

অসম-মেঘালয় সীমা সমস্যাক লৈ বৈঠকত মিলিত হ’ব দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী।

ইয়াৰ পূৰ্বে ১৭ জুলাইত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত সীমা সমস্যাক লৈ এক অনানুষ্ঠানিক বৈঠকত মিলিত হৈছিল।

আনহাতে এই বৈঠকৰ পাছতে গুৱাহাটীত দুয়ো ৰাজ্যৰ বিষয়াৰ উপস্থিতিত আন এক বৈঠক অনুষ্ঠিত হ’ব বুলিও জানিব পৰা গৈছে।

ইপিনে ২৪ জুলাইত শ্বিলংত উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ।

অমিত শ্বাহৰ উপস্থিতিত উত্তৰপূবৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰে অনুষ্ঠিত হ’ব এক বৈঠক।

এই বৈঠকত উত্তৰপূবৰ ৰাজ্যসমূহৰ মাজত চলি থকা সীমা বিবাদক লৈ আলোচনা হ’ব।