অসম সাহিত্য সভাৰ প্রাক্তন ভাৰপ্রাপ্ত প্রধান সম্পাদক সমীৰণ বৰদলৈৰ দেহাৱসান…
May 30, 2021অসম আন্দোলনৰ এগৰাকী অগ্রণী নেতা, অসম সাহিত্য সভাৰ প্রাক্তন ভাৰপ্ৰাপ্ত প্রধান সম্পাদক, বিশিষ্ট সমাজকৰ্মী তথা সাংস্কৃতিক কৰ্মী সমীৰণ বৰদলৈৰ দেহাৱসান।
আজি পুৱা ৭.১২ বজাত যোৰহাটৰ নিজা বাসগৃহত বৰদলৈৰ মৃত্যু।
বিগত কিছু দিন ধৰি দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছিল বৰদলৈ।
সমীৰণ বৰদলৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ৰাজ্যিক কাৰ্য্যনিৰ্বাহকৰ সদস্য, অসম পেৰা অলিম্পিক সন্থাৰ সভাপতি, অসম সাঁতোৰ সন্থাৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য সভাৰ কৰ্ণধাৰ সদস্য তথা প্ৰাক্তন ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদককে ধৰি বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল।
ৰদলৈৰ মৃত্যুত অসম সাহিত্য সভাৰ তিনিদিনীয়া শোক প্রকাশ।সাহিত্য সভাৰ সকলো কাৰ্যালয়তে তিনিদিনৰ বাবে পতাকা অবনমিত থাকিব।