অহা সপ্তাহত স্বাক্ষৰিত হ’ব কাৰ্বি শান্তি চুক্তিঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

June 3, 2021 0 By Biraj Kalita

অহা সপ্তাহত স্বাক্ষৰিত হ’ব কাৰ্বি শান্তি চুক্তি।

নতুন দিল্লীত এক সংবাদমেলৰ আয়োজন কৰি এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘সংশ্লিষ্ট গোটবোৰৰ সৈতে চূড়ান্ত আলোচনা চলি আছে। কাৰ্বি শান্তি চুক্তি অহা সপ্তাহৰ যিকোনো দিনতে স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে।’

মুখ্যমন্ত্ৰী হিমন্তই কয় যে নতুন দিল্লী ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় গৃহ সচিব আৰু চোৰাংচোৱা ব্যুৰোৰ বিষয়াসকলৰ সৈতে বিষয়টো আলোচনা কৰা হৈছে।

অসম চৰকাৰে চুক্তি স্বাক্ষৰ কৰিবলৈ সন্মতি দিছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

উল্লেখ্য যে ফেব্ৰুৱাৰী মাহত কাৰ্বি বিদ্ৰোহী সংগঠনসমূহে অস্ত্ৰ-শস্ত্ৰ নিবাৰণ কৰিছিল আৰু এতিয়া কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে কাৰ্বি চুক্তি স্বাক্ষৰ কৰিব।