অহা সপ্তাহত ৰাজ্যৰ ক’ভিড পৰিস্থিতি কিছু উন্নত হ’বঃ মুখ্যমন্ত্রী ড০ শর্মা…

May 24, 2021 0 By Biraj Kalita

অহা সপ্তাহত ৰাজ্যৰ ক’ভিড পৰিস্থিতি কিছু উন্নত হ’ব।

এই অশা ব্যক্ত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে, অসমত ক’ভিডৰ সংক্রমণৰ হাৰ ৫.৫ শতাংশলৈ আহিছে৷ অহা সপ্তাহত পৰিৱেশ কিছু উন্নত হ’ব বুলি আশা কৰা হৈছে৷

সেইদৰে ক’ভিড ভেকচিনৰ নাটনি থকাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে দৈনিক এক লাখ লোকক ভেকচিন দিয়াৰ লক্ষ্য স্থিৰ কৰা হৈছিল যদিও বর্তমান দৈনিক ৫০ হাজাৰ লোকক ভেকচিন দিয়া হৈছে৷

ভেকচিন যিধৰণে লাভ কৰা হৈছে তেনেদৰে দি থকা হৈছে৷ ক’ভিড ৰোগীৰ মৃত্যুৰ প্রসংগত তেওঁ কয় যে সংক্রমণৰ সংখ্যা কমি অহাৰ লগে লগে মৃত্যুৰ সংখ্যাও কমি আহিব৷