অহা সপ্তাহৰ পৰা অসমত আৰম্ভ হ’ব কৰ’ণাৰ পৰীক্ষামূলক টীকাকৰণ!
December 26, 2020কৰ’ণাৰ সংহাৰী ৰূপ অব্যাহত থকাৰ মাজতে অসমবাসীলৈ এক ভাল খবৰ।
অহা সপ্তাহৰ পৰা অসমত আৰম্ভ হ’ব কৰ’ণাৰ পৰীক্ষামূলক টীকাকৰণ।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে শুকুৰবাৰে এই কথা প্ৰকাশ কৰি কয় যে এই পৰীক্ষাৰ প্ৰস্তুতি মূল্যায়ন কৰাৰ বাবে ২৮ আৰু ২৯ ডিচেম্বৰত অসমৰ নলবাৰী আৰু শোণিতপুৰ জিলাৰ লগতে আন চাৰিখন ৰাজ্যত কৰ’ণা ভাইৰাছৰ টিকাকৰণৰ ড্ৰাই ৰান হ’ব।
এই ড্ৰাই ৰান অভিযান অসমৰ লগতে অন্ধ্ৰ প্ৰদেশ, গুজৰাট আৰু পঞ্জাৱৰ দুখন জিলাত আৰম্ভ কৰা হ’ব।
চৰকাৰে ইতিমধ্যে স্বাস্থ্য সেৱা কৰ্মী আৰু বৃদ্ধ লোকসহ ৩০ কোটি লোকক চিনাক্ত কৰিছে, যি সকলে প্ৰথম পৰ্যায়ত এই টীকাকৰণ লাভ কৰিব।
ইতিমধ্যে,সমগ্ৰ দেশত বিভিন্ন শ্ৰেণীৰ ভেকচিন হেণ্ডলাৰ আৰু প্ৰশাসনৰ ২৩৬০ লোকক প্ৰশিক্ষণ দিয়া হৈছে।