অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ঐতিহ্যমণ্ডিত শ্ৰীসূৰ্য পাহাৰত ৭ দিনীয়া বিষ্ণুযজ্ঞৰ আয়ােজন
February 11, 2022নিউজ ডেস্ক। নামনি অসমৰ অন্যতম ঐতিহ্যমণ্ডিত মহাপীঠস্থান শ্ৰীসূর্য পাহাৰত অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বিষ্ণুযজ্ঞ আৰু মেলা মহোৎসৱ।
মহাপীঠস্থান পৰিচালনা সমিতিয়ে এখন সংবাদ মেল জৰিয়ত প্ৰকাশ কৰিছে এই কথা।
ইতিমধ্যে, এই যজ্ঞানুষ্ঠান আৰু মেলা মহোৎসৱৰ বাবে পূৰ্ণ গতিত চলিছে প্ৰস্তুতি।
পৰিচালনা সমিতিয়ে অসমবাসী ৰাইজক এই কাৰ্যসূচীত অংশ গ্ৰহণৰ লগতে ক’ভিড প্ৰট’কল পালনৰ বাবে আহ্বান জনাইছে।
পৰিচালনা সমিতিয়ে জনােৱা অনুসৰি, অহা ১৫ ফেব্ৰুৱাৰীৰ পুৱা ১০ বজাত মহাপীঠস্থানৰ ধৰ্ম ধ্বজা উত্তোল, সন্ধিয়া অধিবাস আৰু ভূমিপূজনৰ কাৰ্যসূচী হ’ব।
পিছদিনা অৰ্থাৎ ১৬ ফেব্ৰুৱাৰীৰ পুৱা ১০ বজাত বিশ্ব শান্তিৰ বাবে শ্ৰীশ্ৰীবিষ্ণুযজ্ঞৰ শুভাৰম্ভৰ লগতে পুৱা ১১ বজাত মেলা মহোৎসৱৰ বস্তি প্ৰজ্বলনৰ কাৰ্যসূচীত হ’ব।
ইয়াৰ পিছতে দিনৰ ১২ বজাত নাম-কীৰ্তন পৰিৱেশন। সন্ধিয়া ৬ বজাত বক্তি প্ৰজ্বলন। ৮ বজাত নাগাৰা নাম।
১৭ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাত বিষ্ণুযজ্ঞ আৰম্ভ।
শ্ৰীশ্ৰীসূর্য নাৰায়ণদেৱৰ পূজা, শ্ৰীশ্ৰীদ্বাদশ ভুজাৰ পূজা, মহাবীৰ হনুমানৰ পূজা, শিৱ পূজা আৰু গীতা পাঠ। ১১ বজাত নাম কীর্তন পৰিৱেশন।
১৮ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাত শ্ৰীশ্ৰীবিষ্ণুযজ্ঞ আৰম্ভ। ১১ বজাত নাম-কীর্তন। নিশা ১১ বজাত শুৱালকুছি শংকৰজ্যোতি নাট্য পৰিষদৰ নাট প্ৰদৰ্শন।
একেদৰে ১৯, ২০ আৰু ২১ ফেব্ৰুৱাৰীলৈ চলিব বিষ্ণুযজ্ঞ, শ্ৰীশ্ৰীসূর্য নাৰায়ণদেৱৰ পূজা, শ্ৰীশ্ৰীদ্বাদশ ভুজাৰ পূজা, মহাবীৰ হনুমানৰ পূজা, শিৱ পূজা আৰু গীতা পাঠ আদি।
উল্লেখ্য যে এই সাতদিনীয়া বিষ্ণু যজ্ঞ আৰু মেলা মহোৎসৱত প্ৰতি বছৰে লক্ষাধিক লোকৰ সমাগম ঘটে।