অৰণ্য গঢ়িবলৈ মেক্সিকোলৈ যাব অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং…

June 8, 2021 0 By Biraj Kalita

ছেপ্তেম্বৰত সুদূৰ মেক্সিকোত অৰণ্য গঢ়িবলৈ যাব অসমৰ পদ্মশ্ৰী যাদৱ পায়েং।

জানিব পৰা মতে, মেক্সিকোত 8 লাখ হেক্টৰ ভূমিত গছপুলি ৰোপণ কৰিব পদ্মশ্ৰী যাদৱ পায়েঙে৷

পদ্মশ্ৰী তথা অৰণ্য মানৱ যাদৱ পায়েঙৰ প্ৰকৃতিৰ প্ৰতি উৎসৰ্গিত মনোভাৱ দেখি মেক্সিকো চৰকাৰে তেওঁৰ সৈতে এক বিশেষ চুক্তি ৰূপায়ণ কৰে।

বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত যাদৱ পায়েঙৰ লগত কৰা হৈছিল এই চুক্তি। এই চুক্তি অনুসৰি অৰণ্য মানৱ যাদৱ পায়েঙে দেশখনত ৰোপণ কৰিব গছপুলি।

অসমৰ পৰা তেখেতে লগত লৈ যাব তামোল আৰু নাৰিকলৰ পুলি।

আনহাতে এই মহান কাৰ্য সম্পন্ন কৰাৰ ক্ষেত্ৰত দহ বছৰৰ বাবে যাদৱ পায়েঙৰ সৈতে চুক্তি কৰাৰ লগতে তেওঁক ভিছা প্ৰদান কৰিছে মেক্সিকো চৰকাৰে।

এই দহ বছৰত প্ৰতি বছৰে তিনিমাহ দিন ধৰি মেক্সিকোত থাকিব যাদৱ পায়েঙ।

ইয়াৰোপৰি এই তিনিমাহত তেওঁ প্ৰতিদিনেই দেশখনৰ এক লাখ ছাত্ৰ-ছাত্ৰীক দিব গছপুলি ৰোপণৰ প্ৰশিক্ষণ।