অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনা, দ’ খাৱৈত যাত্ৰীবাহী বাছ বাগৰি দুগৰাকী অসমীয়াৰ মৃ্ত্যু…

July 9, 2021 0 By Biraj Kalita

অৰুণাচলত ভয়ংকৰ পথ দুৰ্ঘটনা।

দ’ খাৱৈত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ।

যাৰ ফলত থিতাতে নিহত হয় দুগৰাকী অসমীয়ে লোক।

আনহাতে গুৰুতৰভাৱে আহত হৈছে ২০ জনতকৈ অধিক লোক।

অৰুণাচল প্ৰদেশৰ ডাপুৰেজোৰ-চিলাপথাৰ সংযোগী পথত নিশা এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাগ্ৰস্ত বাছ খনৰ নং AR 07- 2693।

নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰীয়া পথৰ পৰা দ’ খাৱৈত বাগৰি পৰে যাত্ৰীবাহী বাছখন।

হাৱা কেম্পৰ সমীপত দুৰ্ঘটনাত পতিত হয় BB ট্ৰেভেলৰ বাছখন।

দুৰ্ঘটনাটোৰ ফলত মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আসংকা কৰা হৈছে।

বাছ খনৰ মালিক ৰবীন্দ্ৰ সিং আৰু চালক অঞ্জিৎ বিশ্বকৰ্মা নিহত হোৱাৰ খবৰ লাভ।

বাছ খনত থকা প্ৰায় আটাইকেইজন যাত্ৰীয়েই অসমৰ আছিল বুলি জানিব পৰা গৈছে।