অৰুণাচলত সেনাৰ বাহন দুৰ্ঘটনাগ্ৰস্তঃ নিহত ১জন জোৱান, গুৰুতৰভাৱে আহত ৭ জন…
July 14, 2021অৰুণাচলত সেনাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।
বুধবাৰে প্ৰতিকূল বতৰৰ বাবে সেনাৰ এখন বাহন দুৰ্ঘটনাত পতিত হয়।
উজনি চিয়াং জিলাৰ পাংগো গাঁৱৰ ওচৰত সংঘটিত হৈছে দুৰ্ঘটনাটো।
দুৰ্ঘটনাৰ ফলত এজন জোৱানৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।
আনহাতে গুৰুতৰভাৱে আহত হৈছে ৭ জন জোৱান।
One jawan reported dead & seven seriously injured after Army's heavy vehicle met with an accident due to inclement weather conditions between Pango & Palsi in Arunachal Pradesh. Injured have been airlifted to the hospital by Indo-Tibetan Border Police: ITBP pic.twitter.com/OlVsjGp22t
— ANI (@ANI) July 14, 2021
আহত সেনা জোৱানসকলক ইণ্ডো-টিবেটান সীমান্ত আৰক্ষীৰ (আইটিবিপি) বিমানেৰে চিকিৎসালয়লৈ লৈ যোৱা হয়।
An Indian Army soldier died and seven others were seriously injured when the vehicle carrying the troop to Tuting in Upper Siang district met with a serious accident due to inclement weather conditions between Pango and Palsi early on Wednesday morning. pic.twitter.com/q89Tm6sJtP
— The Arunachal Times (@arunachaltimes_) July 14, 2021