অৰুণাচলৰ চিয়াং নৈত উদ্ধাৰ দুজনকৈ অসমীয়া যুৱকৰ মৃতদেহ…
July 7, 2021অৰুণাচলৰ চিয়াং নৈত উদ্ধাৰ দুজনকৈ অসমীয়া যুৱকৰ মৃতদেহ।
২৯ জুনত অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ বলিঙৰ পৰা পাংগিঙলৈ গৈ থকা অৱস্থাত চিয়ম নদীৰ সংগম দলং ভাঙি এখন শিলভৰ্তি ডাম্পাৰ নদীৰ বুকুত বাগৰি পৰাৰ ফলত নদীৰ বুকুত অসমৰ তিনিজনকৈ যুৱক সন্ধানহীন হৈ পৰিছিল।
যুৱক তিনিজন হৈছে জোনাইৰ ৰাহুল তামাং, গোগামুখৰ ৰঞ্জিত সুত্ৰধৰ আৰু ঢেকিয়াজুলীৰ মিথিংগা ব্ৰহ্ম নিখোজ হৈছিল।
এসপ্তাৰ পিছত নিখোঁজ হোৱা অসমৰ তিনিজন যুৱকৰ ভিতৰত দুজনৰ মৃতদেহ এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
সোমবাৰে পুৱা পূব চিয়াং জিলাৰ পাচিঘাটৰ পৰা কিছু নিলগত চিয়াং নদীৰ বুকুত স্থানীয় লোকে এজন লোকৰ মৃতদেহ উপঙি থকা প্ৰত্যক্ষ কৰি এন ডি আৰ এফক খবৰ দিয়াৰ পাছত এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীয়ে অভিযান চলাই লোকজনৰ মৃতদেহ উদ্ধাৰ কৰে।
পাছত মৃতদেহটো পূব চিয়াং জিলাৰ পাচিঘাটস্থিত বাকিন পাৰ্টিন চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া হয়।
ইয়াৰ পাছতে পুনৰ পূব চিয়াং জিলাৰ অঞ্চল ঘাটত চিয়াং নদীৰ বুকুত আন এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰে এন ডি আৰ এফ আৰু এছ ডি আ এফ বাহিনীয়ে।
উদ্ধাৰ হোৱা মৃতদেহ দুটা মিথিংগা ব্ৰহ্ম আৰু ৰঞ্জিত সুত্ৰধৰ বুলি চিনাক্ত কৰা হয়।