অৰুণাচল প্ৰদেশত কৰ্মৰত অসমৰ যুৱক নিৰুদ্দেশ

October 13, 2021 0 By NEWS DESK

নিউজ ডেস্ক। লক্ষীমপুৰ জিলাৰ ঘূণাসুঁতিৰ এজন যুৱক নিৰুদ্দেশ হোৱাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি।

উত্তৰ লক্ষীমপুৰ জিলাৰ ঘূণাসুঁতিৰ জামুগুৰি গাঁৱৰ দীনেশ মিলি নামৰ যুৱকজন নিৰুদ্দেশ হোৱাক লৈ পিতৃ-মাতৃ দুখত ভাগি পৰিছে।

কোনো লোকে যদি যুৱকজনৰ কিবা সম্ভেদ লাভ কৰে তেন্তে ৭০৯৯১-৯৮১২৬ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পিতৃ-মাতৃয়ে।

দীনেশ মিলি নামৰ যুৱকজন পাচীঘাটত কাম কৰি আছিল বুলি জানিব পৰা গৈছে। প্ৰায় ছমাহ আগতে ঘৰৰ পৰা ওলাই গৈছিল দীনেশ মিলি।

চাৰিদিন আগলৈকে মাতৃৰ সৈতে কথা পাতি আছিল তথা নিজ ঘৰলৈ অহাৰ কথাও ব্যক্ত কৰিছিল নিজ মাতৃৰ আগত।

কিন্তু তাৰ পিছতে যুৱকজনৰ কোনো খবৰ নোপোৱাত এতিয়া পিতৃ-মাতৃ চিন্তিত হৈ পৰিছে।