অৰুণাচল প্ৰদেশত দলং ভাঙি সন্ধানহীন অসমৰ ৩ যুৱক, অব্যাহত উদ্ধাৰ অভিযান

July 1, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এতিয়াও কােনাে সন্ধান নাই দলং ভাঙিত ট্ৰাকসহ নদীত পৰা অসমৰ ৩ যুৱকৰ।

উল্লেখ্য যে দুদিন পূৰ্বে ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ঘটনাৰ মাজতে অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ সংগম দলং বিধ্বস্ত হৈ পৰিছিল।

এখন শিল কঢ়িওৱা ট্ৰাকত দলংখন পাৰ কৰিবলৈ লওঁতে খহি পৰিছিল এই অভিসপ্ত দলংখন।

চিয়ম আৰু চিয়াং নদীৰ সংগমস্থলীত অৱস্থিত এই দলং খনত পৰা নৈত পৰাৰ লগে লগে তীব্ৰ সোঁতত উটি গৈছিল যুৱকত্ৰয়। কিন্তু বেয়া বতৰৰ বাবে কিছু পলমকৈ আৰম্ভ হৈছিল উদ্ধাৰ অভিযান।

NDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে যদিও বৰ্তমানো কোনো শুংসুত্ৰ উলিয়াব পৰা নাই সন্ধানহীন মিথিংগা বডাে, ৰঞ্জিত সূত্ৰধৰ আৰু ৰাহুল তামাং নামৰ এই যুৱককেইজনৰ।

সন্ধানহীন যুৱক কেইজনৰ ঘৰ ধেমাজী জিলাৰ জােনাইত বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, এই দলংখন অঞ্চলবাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ কিয়নো ই পাঙ্গিনক অৰুণাচলৰ চিয়াং জিলাৰ বোলেঙৰ সৈতে সংযোগ কৰিছে।

প্ৰতিৰক্ষা বিভাগেও এই দলঙক ব্যাপকভাৱে ব্যৱহাৰ কৰে।