অৰুণাচল প্ৰদেশত পথ দুৰ্ঘটনাত মৃত্যু অসমৰ সেনা জােৱান বিশ্বজিতৰ

February 17, 2022 0 By NEWS DESK

নিউজ ডেস্ক। কৰ্তব্যৰত অৱস্থাত এক শােকাৱহ পথ দুৰ্ঘটনাত দেশৰ বাবে প্ৰাণাহুতি দিলে অসমৰ সেনা জােৱান বিশ্বজিত নৰহে।

যােৱা ১৪ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ দুর্গম অঞ্চলত দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি ল’লে টীয়কৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত চেনীজান ৰামপুৰ ভকত গাঁৱৰ সেনা জোৱান বিশ্বজিত নৰহে (৩੦)।

বুধবাৰে বিশ্বজিত নৰহৰ নশ্বৰ দেহ উপস্থিত হয় নিজ বাসগৃহত। শোকাকুল পৰিবেশত সামৰিক মর্যাদাৰে শেষ বিদায় দিয়া হয়।

ভাৰতীয় সেনাৰ অৰুণাচল স্কাউটৰ লেন্সনায়ক আছিল বিশ্বজিত নৰহ।

বিশ্বজিতৰ এনে আকস্মিক মৃত্যুত নিজৰ ওপজা গাঁৱত সৃষ্টি হয় এক শোকাকুল পৰিবেশৰ।

জােৱানজনৰ মৃতদেহ স্বগৃহত উপস্থিত হােৱাৰ লগে লগে বীৰ শ্বহীদজনৰ পত্নীৰ লগতে পৰিয়ালৰ লোকসকল কান্দোনত ভাঙি পৰে।

পত্নীৰ হিয়া ভগা কান্দোনে উপস্থিত প্ৰতিজন লোকৰ দুচকু সেমেকাই তোলে।

বীৰ শ্বহীদজনলৈ সেনাবাহিনীৰ উচ্চপদস্থ বিষয়াই শেষ শ্রদ্ধাঞ্জলি জনোৱাৰ লগতে সামৰিক মৰ্যাদাৰে শেষ বিদায় জনাই সেনাবাহিনীয়ে।

এটি ডেৰবছৰীয়া সন্তানৰ পিতৃ বিশ্বজীত নৰহে পত্নীৰ লগতে পিতৃ-মাতৃ আৰু দুজন ভাতৃক এৰি গৈছে ৷

বীৰ শ্বহীদগৰাকীৰ নশ্বৰদেহ পুৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা সেনাৰ এখন বিশেষ বাহনেৰে ঘৰলৈ অনা হয়।

গাঁওবাসীয়ে বীৰ শ্বহীদ বিশ্বজিৎ নৰহ অমৰ হওক, বন্দে মাতৰম আদি শ্ল’গানাৰে বীৰজনলৈ সন্মান জনায়।

উল্লেখ্য যে, জিয়াকন নৰহৰ জ্যেষ্ঠ পুত্ৰ বিশ্বজিৎ নৰহ দেশ মাতৃৰ সেৱাৰ বাবে ২০১২ চনত ভাৰতীয় সেনা বাহিনীৰ অৰুণাচল স্কাউটত ভৰ্তি হৈছিল।

বীৰ শ্বহীদজনৰ পিতৃয়ে জ্যেষ্ঠ পুত্ৰ দেশৰ সেৱাত নিয়োজিত হৈ থকা অৱস্থাত মৃত্যুক আকোঁৱালি লোৱাত দুখ লাগিলেও পিতৃ হিচাপে গৌৰৱান্বিত বুলি প্ৰকাশ কৰে।