অৰুণাচল প্ৰদেশত সন্ধানহীন অসমৰ যুৱক

July 31, 2021 0 By NEWS DESK

নিউজ ডেস্ক। পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক।

ধেমাজী জিলাৰ জোনাই বিজয়পুৰ ভেকেলী গাঁৱৰ যুৱক বিজয় ওৰফে জাবৰ দলে কৰ্মসূত্ৰে অৰুণাচললৈ গৈ সন্ধানহীন।

এই ঘটনাই চিন্তিত কৰি তুলিছে পৰিয়ালক।

জানিব পৰা মতে, চলিত মাহৰ এপ্ৰিল মাহত অৰুণাচল প্ৰদেশৰ আলােত গৈছিল কাম কৰিবলৈ।

উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ আলােত যোৱা প্ৰায় তিনিমাহে বিজয় ওৰফে জাবৰ দলে কাংগে বজে নামৰ এজন লোকৰ অধীনত কৰ্মৰত হৈ আছিল।

কিন্তু ইয়াৰ পিছতে বিজয় ওৰফে জাবৰ দলে জোনাইৰ ঘৰলৈ যোৱা বুলি কাংগে বজে নামৰ লোকজনে জানিবলৈ দিয়ে পিতৃ হাওনা দলেক।

ইফালে অৰুণাচলৰ আলয়ৰ পৰা বিজয় দলে নিজৰ ঘৰলৈ আহি নোপোৱাত পৰিয়ালৰ লোকে অৰুণাচলৰ আলােলৈ বিচাৰি যায় যদিও সেই সময়ৰ মাজতে ভূমিস্খলন হোৱাৰ বাবে আধা বাটৰ পৰাই ঘূৰি আহিছিল পৰিয়ালৰ লোকে।

ইফালে, অৰুণাচলৰ পৰা পুত্ৰ বিজয় দলে যোৱা প্ৰায় পোন্ধৰ দিনে সন্ধানহীন হৈ থকা ঘটনাৰ সন্দৰ্ভত জোনাই থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।

বিজয় ওৰফে জাবৰ দলেৰ নিশ্চয় কিবা এক অঘটন হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে পিতৃ হাওনা দলেই।