অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত আটক ৩ আলফা (স্বাঃ) কেডাৰ!
January 27, 2021অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত আটক ৩ আলফা (স্বাঃ) কেডাৰ।
টিৰাপ জিলাৰ নগলুত অভিযান চলাই সেনাই আটক কৰিছে তিনিওগৰাকী কেডাৰক।
আটকাধীন সদস্য কেইজন হ’ল- মিলন বৰুৱা ওৰফে নিজান অসম, স্বয়ম্ভূ মেজৰ জিন্টু অসম ওৰফে বিকেশ্বৰ মৰাণ আৰু গৌৰৱ অসম ওৰফে ৰাজীৱ গগৈ।
তিনিওকে আসাম ৰাইফলছে ভাৰত-ম্যানমাৰ সীমান্ত অতিক্ৰম কৰিব লওতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বুলি সেনাৰ এক সূত্ৰত প্ৰকাশ কৰিছে।
ধৃত কেডাৰ ৩জনৰ পৰা .৩২ পিষ্টল তিনিটা আৰু কেইবাজাই গুলি উদ্ধাৰ কৰিছে সেনাই।
উল্লেখ্য যে ধৃত সদস্য কেইজনৰ ঘৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত।