অৱশেষত পাকিস্তানত হিন্দু মন্দিৰ নিৰ্মাণৰ অনুমতি দিলে ইমৰাণ খান চৰকাৰে!
December 22, 2020অৱশেষত পাকিস্তানত হিন্দু মন্দিৰ নিৰ্মাণৰ অনুমতি দিলে ইমৰাণ খান চৰকাৰে।
প্ৰায় ছয়মাহ পূৰ্বে শ্ৰীকৃষ্ণৰ মন্দিৰৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিছিল পাক চৰকাৰে।
সোমবাৰে পাকিস্তানৰ ৰাজধানী উন্নয়ন কৰ্তৃপক্ষই জাৰি কৰা এক বিজ্ঞপ্তিত কোৱা হৈছে যে কেবল মন্দিৰেই নহয়, সেই মন্দিৰক কেন্দ্ৰ কৰি থকা শ্মশানৰ চাৰিওপিনে ৭ ফুট ওখ দেৱাল নিৰ্মাণৰো অনুমতি দিয়া হৈছে।
উল্লেখ্য যে, যোৱা জুলাই মাহত ইছলামাবাদৰ এই মন্দিৰটোৰ নিৰ্মাণ বন্ধ কৰিবলৈ ইমৰাণ খান চৰকাৰক ভাবুকি দিয়া হৈছিল।
পাকিস্তানৰ ধৰ্ম বিষয়ক বিভাগৰ মন্ত্ৰী নুৰুল হক কাদৰীয়ে এই সন্দৰ্ভত পৰামৰ্শৰ বাবে পাকিস্তানৰ কাউন্সিল অফ ইছলামিক ইডিঅ’লজি বা চিআইআইলৈ বিষয়টো প্ৰেৰণ কৰিছিল। সেই অনুসৰি চিআইআইয়ে ইছলামাবাদৰ কোনো স্থানত মন্দিৰ নিৰ্মাণত কোনো সাংবিধানিত তথা শ্বৰিয়তৰ বাধা নাই বুলি সদৰি কৰি ইমৰাণ খান চৰকাৰক ১০০ কোটি টকাৰ পুঁজি দিয়াৰ বাবেও চিআইআইয়ে অনুমোদন দিয়ে।