অৱশেষত বাতিল হ’ল মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা…
June 18, 2021অৱশেষত বাতিল হ’ল মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা।
কেইবাটাও দল-সংগঠনৰ সৈতে হোৱা বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
সংবাদমেলযোগে পৰীক্ষা বাতিলৰ কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
অৱশ্যে নম্বৰ মূল্যায়ণৰ বাবে অসম চৰকাৰে গঠন কৰিব দুখন সমিতি।
চৰকাৰে গঠন কৰিবলগীয়া সমিতি দুখন হ’ল- এখন দশম শ্ৰেণীৰ বাবে আৰু আনখন দ্বাদশ শ্ৰেণীৰ বাবে।
৩১ জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰা হব। স্থান থাকিব।
বিদ্যালয়ৰ আভ্যন্তৰীণ ফলাফলৰ ভিত্তিত মূল্যায়ন কৰা হ’ব ফলাফল।
ফলাফলসমূহ ৩১ জুলাইৰ ভিতৰত প্ৰদান কৰা হব বুলি ঘোষণা কৰিছে শিক্ষামন্ত্ৰীয়ে।