অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা সাহিত্যিক কিৰণ দেৱ শৰ্মাৰ দেহাৱসান

September 11, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বৰপেটাৰোডৰ মিলনগৰৰ অৱসপ্ৰাপ্ত আৰক্ষী বিষয়া তথা সাহিত্যিক কিৰণ দেৱ শৰ্মাৰ নিজ বাসভৱনত বাৰ্ধক্য জনিত কাৰণত মৃত্যু।

উপ-সহঃ আৰক্ষী অধীক্ষক হিচাপে ২০০২ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা প্ৰয়াত শৰ্মাৰ মৃত্যুৰ সময়ত বয়স আছিল ৮২ বছৰ।

এজন দায়িত্বশীল আৰক্ষী বিষয়া হোৱাৰ পিছতো তেওঁ আছিল অসমীয়া সাহিত্যৰ নিৰৱ সাধক।

তেখেতে কেইবাখনো কবিতা পুথি, গল্প, উপন্যাস আৰু আধ্যাত্মিক বিষয়ৰ গ্ৰন্থ ৰচনা কৰিছিল।

তেখেতে ৰচনা কৰা কিতাপসমূহৰ নাম হৈছে প্ৰৱঞ্চনা, পাহাৰ তলিৰ আড্ডা, জীৱন, ফুটপাথ, ব্ৰহ্মলোক, বিশ্ব ব্ৰহ্মাণ্ড আৰু মানুহ, জীৱনৰ ৰং, মণিকা আৰু ভোগজৰা।

মৃত্যুৰ সময়ত তেখেতে পত্নী একমাত্ৰ পুত্ৰ হীতেশ শৰ্মা(মুন), বোৱাৰী পম্পী শৰ্মা আৰু তিনি বিবাহিতা কন্যাৰ লগতে ভলেমান গুণমুগ্ধক এইহসংসাৰত এৰি থৈ যায়।