অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক পুত্ৰ-বোৱাৰীৰ নিৰ্মম প্ৰহাৰ, পুত্ৰ-বোৱাৰীক আটক

October 8, 2021 0 By NEWS DESK

নিউজ ডেস্ক। নিজৰ পুত্ৰ-বোৱাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত পেটুৱা দলং নিবাসী প্ৰয়াত গুনীন ফুকনৰ পত্নী তথা অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী অনিমা ফুকন।

বুধবাৰে নিশা সংঘটিত এই ঘটনাৰ পিছতেই মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত মৰাণহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পুত্ৰ নিলোৎপল ফুকন আৰু বোৱাৰী শিল্পীশিখা ফুকনক।

সামান্য কথাতে পুত্ৰ-বোৱাৰীয়ে দীৰ্ঘদিনধৰি শিক্ষয়িত্ৰীগৰাকীক মানসিকভাৱে নিৰ্যাটন চলাই অহাৰ অভিযোগ শিক্ষয়িত্ৰীগৰাকীৰ।

বৃদ্ধ মাতৃগৰাকীৰ ওপৰত নিজ পুত্ৰ-বােৱাৰীয়ে চলােৱা এনে নিৰ্যাতনক ধিক্কাৰ দিছে সচেতন মহলে।

চাওক আপােনাৰ সাপ্তাহিক ৰাশিফল