আংশিক লকডাউনৰ সুযোগ লৈ ছাত্ৰীৰ আৱাস গৃহত চোৰৰ চাফাই অভিযান…
June 12, 2021আংশিক লক-ডাউনৰ সুবিধা লৈ চোৰে চলালে এগৰাকী ছাত্রীৰ আবাসগৃহত চলালে ছাফাই অভিযান।
CCTV কেমেৰাত বন্দী হৈছে চোৰৰ দৃশ্য।
নগাঁওৰ পানীগাঁও শান্তিবনত সংঘটিত হৈছে এই চাঞ্চল্যকৰ চুৰি কাণ্ড।
হোজাই যমুনামুখৰ ছাত্রী গৰাকী আংশিক লক-ডাউনৰ বাবে ঘৰলৈ আহে।
তাৰে সুযোগ গ্ৰহণ কৰি চুৰে নিশা মেগ্না দেৱ নামৰ ছাত্রী গৰাকীৰ আবাস গৃহত চুৰি কাণ্ড সংঘটিত কৰে।
ঘটনাৰ সংক্ৰান্তত ভুক্তভোগী ছাত্রী গৰাকীৰ পৰিয়ালে নগাঁওৰ ইটাচালী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।
আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।