আইন নমনা এজন যুৱকৰ উদ্ভণ্ডালি, আৰক্ষীৰ সন্মুখতে দিলে পাকিস্তান জিন্দাবাদ ধ্বনি…

July 9, 2021 0 By Biraj Kalita

ক’ভিড আইন নমনা এজন যুৱকৰ ৰাজপথত উদ্ভণ্ডালি।

আৰক্ষীৰ সন্মুখতে দিলে পাকিস্তান জিন্দাবাদ ধ্বনি।

বিশ্বনাথ চাৰিআলি চহৰৰ পুলিছ পইণ্টত আৰক্ষীৰ সৈতে বাক যুদ্ধত মিলিত হয় এজন যুৱক৷

বিশ্বনাথ আৰক্ষীয়ে কভিড বিধি উলংঘা কৰি চহৰৰ মাজত ঘুৰি ফুৰা লোক সকলক সোধা পোছা কৰি থাকোতেই মাস্ক পৰিধান নকৰা দেৱজিৎ দাস যুৱকজন আহি সেই স্থানত উপস্থিত হয়।

ট্ৰেফিক আৰক্ষীয়ে মাস্ক কিয় পিন্ধা নাই বুলি প্ৰশ্ন কৰাৰ লগে লগেই আৰক্ষীৰ ওপৰত জাঙুৰ খাই উঠে দেৱজিৎ দাস নামৰ যুৱকজন আৰু পাকিস্তান জিন্দাবাদ, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ ধ্বনি দিবলৈ ধৰে যুৱকজনে৷

হাতত এখন কাগজ লৈ কভিড ডিউটি কৰি আহিছো বুলি দোহাৰি থকা যুৱকজনে ক’ভিড নামৰ একো বস্তুৱে নাই বুলি কেমেৰাৰ চিঞৰিব ধৰে।

যুৱকজনে লগতে ট্ৰেফিক আৰক্ষীক চেলেঞ্জ জনাই কয় যে SP ক জনাই DC ক জনাই ‘মই কাকো খাতিৰ নকৰো’৷ 

পিছত আৰক্ষীয়ে ঠেলি হেচি গাড়ীত উঠাই থানালৈ লৈ যায় যুৱকজনক।