আইপিএছ বিষয়া ৰৌনক আলী হাজৰিকাক নিলম্বন…

July 20, 2021 0 By Biraj Kalita

আইপিএছ বিষয়া ৰৌনক আলী হাজৰিকাক নিলম্বন।

বিনা অনুমতিত একাধিকবাৰ বিদেশ ভ্ৰমণ কৰি নিলম্বিত হ’ল অসমৰ আই পি এছ বিষয়াগৰাকী।

২০১১ চনৰ পৰা গৃহ বিভাগৰ অনুমতি নোলোৱাকৈ বহুবাৰ বিদেশ ভ্ৰমণ কৰাৰ অপৰাধত নিলম্বন কৰা হয় বিষয়াগৰাকীক।

অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে তাৎক্ষনিকভাৱে কাৰ্যকৰী হোৱাকৈ নিৰ্দেশনা জাৰি কৰে।

হাজৰিকাক অসমৰ ৰাজ্যপালে সৰ্বভাৰতীয় সেৱা (অনুশাসন আৰু আপীল) নিয়ম, ১৯৬৯ ৰ নিয়ম ৩ ৰ উপ-নিয়ম (ক)ৰ অধীনত নিলম্বিত কৰিছে।

১৯৯২চনত যোগদান কৰিছিল অসম আৰক্ষীত।

নিৰ্দেশনাটোত লগতে কোৱা হৈছে এই সময়ছোৱাত হাজৰিকাৰ মুখ্য কাৰ্যালয় হ’ব আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়।

উল্লেখ্য যে ৰাজ্যপালৰ বিনা অনুমতিত কাৰ্যালয় এৰিব নোৱাৰিব হাজৰিকাই।