আই পি এছ বিষয়া অনুৰাগ টাংখাৰ দেহাৱসান…

July 19, 2021 0 By Biraj Kalita

আই পি এছ বিষয়া অনুৰাগ টাংখাৰ দেহাৱসান।

দিল্লীত সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে অনুৰাগ টাংখাই

দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল আই পি এছ বিষয়াগৰাকী।

ভাৰতীয় আৰক্ষী সেৱাৰ অসমৰ কেডাৰ আছিল জ্যেষ্ঠ আৰক্ষী বিষয়া টাংখা।

ডেপুটেচনত বি পি আৰ এণ্ড ডিত কৰ্মৰত আছিল বিষয়াগৰাকী।

আৰক্ষী মহাপৰিদৰ্শক পৰ্যায়ৰ পদত কৰ্মৰত আছিল টাংখা।

অসম আৰক্ষী বিভিন্ন পদত তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।

টাংখাৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।