আই-১০ বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ, থিতাতে নিহত এজন…

March 24, 2022 0 By Biraj Kalita

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

আই-১০ বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন লোক।

তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত ৰূপাই বিষ্ণুনগৰ তিনিআলিত বুধবাৰে সংঘটিত হয় দুৰ্ঘটনাটো।

নিহত বাইক আৰোহীজন হৈছে কৰ্ণেল বনিয়া।

দুৰ্ঘটনাটোত থিতাতে এজন লোক নিহত হোৱাৰ বিপৰীতে আন এজন যুৱক আহত হয় বুলি জানিব পৰা গৈছে।

তালাপ ধুলিজানৰ কৰ্ণেল বনিয়া নামৰ যুৱকজনে টিফুক চাহবাগিচাৰ দিব্যজ্যোতি বৰাসহ ৰূপাই দিশৰ পৰা ঢলাই দিশে বাইকেৰে গৈ থকা অৱস্থাত সন্মুখৰ পৰা অহা এএছ ২৩কে ০০১৪ নম্বৰৰ আই-১০ বাহনৰ লগত মুখামুখি সংঘৰ্ষ হয়।

ফলত বাইক আৰোহী কৰ্ণেল বনিয়া নামৰ যুৱকজন থিতাতে নিহত হয়।

দুৰ্ঘটনাস্থলীত ডুমডুমা আৰক্ষী উপস্থিত হৈ বাহন দুখন জব্দ কৰাৰ লগতে আহত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

লগতে চাওকঃ

অবিশ্বাস্য! আইআইটিৰ পৰীক্ষাত দেশৰ ভিতৰতে ৫৪ সংখ্যক স্থান কাৰাবন্দী সূৰজৰ